এটা অদ্ভূত ৰহস্যময় বাল্ব।
.
.
.
.
.
.
Qui veut être mon associé
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Qui veut être mon associé, Camp de remise en forme, Chennai.
16/02/2025
আজি অলপমান মেহগনি গছৰ সম্পৰ্কে জানো আহকচোন:
মেহগনি গছৰ কাঠ ভাৰতত প্ৰতি ঘন ফুটত প্ৰায় ২৫০০ টকাৰ পৰা ৪০০০ টকা পৰ্যন্ত মূল্যবান। এই কাঠ জাহাজ, ভূমিকম্প প্ৰতিৰোধী ঘৰ, বাদ্যযন্ত্ৰ, বন্দুকৰ কুন্দা আৰু আভিজাত্য লোকৰ ঘৰত থকা বিভিন্ন ধৰনৰ আচবাব, ফাৰ্নিচাৰ আদিত ব্যৱহাৰ কৰা হয়। ই ওজনত কম, পানী পালেও নপচে আৰু ঘূনেও নাখায়। মেহগনি কাঠৰ নিজৰ প্ৰাকৃতিক ৰঙেই যথেষ্ট, কোনো ৰং পলিচৰ প্ৰয়োজন নহয়।
মেহগনি গছ সাধাৰণতে ১৫-২০ বছৰত পুৰঠ হয়। এই গছৰ চাল, পাত, শিপা, ফল একোৰে পেলনি নাযায়। গছৰ ফল পাঁচ বছৰত এবাৰ লাগে আৰু প্ৰতি কেজিৰ দাম ১০০০-৩০০০ টকা পৰ্যন্ত হয়। মেহগনি গছৰ পুলি বিঘা প্ৰতি ১৫০-৩০০ টা লগাব পাৰি। এই গছ যিকোনো মাটিত ৰোপণ কৰিব পাৰি আৰু সাৰ প্ৰয়োগৰ প্ৰয়োজন নোহোৱাত খেতিয়কসকলৰ বাবে লাভজনক।
উল্লেখযোগ্যভাৱে, মেহগনি গছৰ আশে-পাশে মহ মাখি সাধাৰণতে নাহে, ইয়াৰ পাতৰ পৰা মহ খেদোৱা কইল তৈয়াৰ কৰা হয়। ই ৫০ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত উষ্ণতাত জীয়াই থাকিব পাৰে। মেহগনি গছৰ তলত ধানৰ বাদে আন সকলো খেতি কৰিব পাৰি। ই লেংলেঙীয়া আৰু ওখ হয়, যাৰ ফলত আন গছৰ ক্ষতি নকৰে।
Click & follow
Maina Gogoi
এক অদ্ভূত জুই, যি জুই জ্বলিলে আপুনি চকুৰে দেখা নাপায়।
A mystery fire ,you can't see with your eyes.
.
14/02/2025
হয়তো আপুনি এই তথ্যটো জানি আচৰিত হ'ব।
আপুনি অ'ত দিনে শুনি বা জানি আহিছিল যে, পৃথিৱীত অক্সিজেন অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে। কিন্তু আপুনি বাৰু জানেনে বিজ্ঞানী সকলে এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে।
হয় আজি আমি জানো আহক অক্সিজেন নোলোৱা জীৱৰ আৱিষ্কাৰ সম্পৰ্কে :
২০২০ চনৰ ফেব্ৰুৱাৰীত ইজৰাইলৰ তেল আৱিভ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে হেনেগুয়া ছালমিনিকলা (Henneguya salminicola) নামৰ এবিধ ক্ষুদ্ৰ প্ৰাণী আৱিষ্কাৰ কৰে, যিয়ে উশাহত অক্সিজেন সেৱন নকৰে। এই আৱিষ্কাৰে জীৱবিজ্ঞানৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছে।
প্ৰাণীবিধৰ বৈশিষ্ট্য
আকাৰ আৰু বাসস্থান: হেনেগুয়া ছালমিনিকলা প্ৰায় ১০টা কোষৰে গঠিত এবিধ ক্ষুদ্ৰ প্ৰাণী, যি সাধাৰণতে ছালমন মাছৰ পেশীত পৰজীৱী হিচাপে বাস কৰে।
জীন (DNA) বৈশিষ্ট্য: গৱেষণাত দেখা গৈছে যে এই প্ৰাণীবিধৰ মাইট'কণ্ড্ৰিয়েল জীন অনুপস্থিত, যাৰ ফলত ই এৰ'বিক শ্ব্বাস-প্ৰশ্বাস অক্সিজেনৰ উপস্থিতিত শক্তি উৎপাদন কৰিব নোৱাৰে।
শক্তি লাভৰ প্ৰক্ৰিয়া
হেনেগুয়া ছালমিনিকলাৰ শক্তি লাভৰ সঠিক প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণৰূপে বুজা হোৱা নাই। তথাপি, বিজ্ঞানীসকলে অনুমান কৰিছে যে ই আন এবিধ প্ৰক্ৰিয়া, যেনে এনা'ৰ'বিক শ্ব্বাস-প্ৰশ্বাসৰ জৰিয়তে শক্তি লাভ কৰে, য'ত অক্সিজেনৰ প্ৰয়োজন নহয়।
আৱিষ্কাৰৰ গুৰুত্ব
এই আৱিষ্কাৰে বিৱর্তন আৰু জীৱৰ অভিযোজনৰ ক্ষেত্ৰত নতুন প্ৰশ্ন উত্থাপন কৰিছে। সাধাৰণতে, বহুকোষীয় প্ৰাণীসমূহে অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল, কিন্তু হেনেগুয়াৰ এনে অভিযোজনে জীৱবিজ্ঞানী সকলৰ বাবে এক নতুন অধ্যয়নৰ ক্ষেত্ৰখন মুকলি কৰিছে।
এই আৱিষ্কাৰে দেখুৱাইছে যে জীৱজগতৰ অভিযোজন ক্ষমতা কিমান বিস্ময়কৰ, আৰু ই আগন্তুক গৱেষণাৰ বাবে নতুন দিশ প্ৰদৰ্শন কৰিছে।
Click & follow
Maina Gogoi
আপোনাৰ বাৰু আঙুলিৰ নখ কেইটাত এনেকুৱা হয় নেকি ❓
12/02/2025
#গুৰুত্বপূৰ্ণ_তথ্য
অপেক্ষা কৰক হয়তো আৰু কিছুদিনৰ পাছত আপুনি জীৱ-জন্তু বা পশু-পক্ষীৰ লগত কথাবাৰ্তা পাতিব পাৰিব।
আপুনি বাৰু জানেনে, বিজ্ঞানৰ এটা গৱেষণাৰ প্ৰতিষ্ঠানে AI জড়িয়তে জীৱ-জন্তু, পশু-পক্ষীৰ মাত সংগ্ৰহ কৰি এই ব্যৱস্থাত কৰিব গৈ আছে।
Earth Species Project (ESP) হৈছে এখন গবেষণা প্ৰতিষ্ঠান, যিয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি প্ৰাণীসমূহৰ মাত সমূহৰ সংগ্ৰহ কৰি তাৰ পৰা অৰ্থ উলিয়াই ভাষা বুজিবলৈ কাম কৰি আছে।
Natural Language Processing (NLP) ব্যৱহাৰ কৰি ESP-এ এই কামটো কৰিব গৈ আছে, কেনেকৈ ইয়াক সম্ভৱ কৰিব পাৰিব ,তাৰে কেইটামান উদাহৰণ তলত দিয়া হৈছে :
১. ডাটা সংগ্ৰহ
ESP-এ বিভিন্ন প্ৰজাতিৰ যেনে পশু-পক্ষী, সামুদ্রিক জীৱ আদিৰ মাত আৰু সংকেত সংগ্ৰহ কৰে। আৰু এইসমূহ শব্দ ভিডিঅ' সহায়ত ৰেকৰ্ডে কৰি, আৰু সিহঁতৰ আচৰণৰ সমূহ ভিডিঅ'ত আৱশ্যক হ'ব।
২. শব্দৰ পেটাৰ্ণ চিনাক্ত কৰা
NLP আৰু Machine Learning (ML) ব্যৱহাৰ কৰি, ESP-এ পশু-পক্ষীৰ মাতত থকা পুনৰাবৃত্তি পেটাৰ্ণ চিনি পায়। উদাহৰণস্বৰূপে, আমি যে কেতিয়াবা কওঁ ফেঁচাৰ মাত কেতিয়াবা বিপদৰ সংকেত আৰু কেতিয়াবা আশাৰ সংকেত হিচাপে দিয়ে বুলি, ঠিক তেনেকৈ সিহঁতৰ মাত আৰু আচৰণ সমূহ ভিডিঅ' ৰেকৰ্ড কৰিব ল'ব।
৩. ভাষাগত মডেল সৃষ্টি
মানৱ ভাষাৰ দৰে, ESP-এ AI-মডেল সৃষ্টি কৰে যি বেলুগা তিমি, হাতী, চৰাই আদি প্ৰাণীৰ মাতৰ মাজত সংগঠন খুঁজে। এই মডেল দ্ৰব্য (Syntax) জৰিয়তে অৰ্থ (Semantics) বিচাৰি ভাষা গঠন কৰিব পাৰিব।
৪. অনুবাদ প্ৰচেষ্টা
NLP-এ শব্দসমূহৰ অৰ্থ উলিয়াবলৈ Deep Learning ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, যদি এটা শিম্পাঞ্জীয়ে নিৰ্দিষ্ট শব্দ বা চিঞৰ কেবল এটা ফল খাবলৈ ব্যৱহাৰ কৰে, তেন্তে সেই শব্দৰ অৰ্থ "ফল" বুলি ধৰা হয়। কাৰণ ফলটো খাবলৈ কেৱল যদি বান্দৰে সেই একেটা মাত বা চিঞৰকে উলিয়াই তেন্তে সেই মাত জনা যাব যে সিহঁতক ফল লাগে বা বিছাৰিছে । এনেদৰে Deep Learning অৰ্থ উলিওৱা হ'ব।
৫. প্ৰাণীৰ সৈতে যোগাযোগ
ESP-এ AI ব্যৱহাৰ কৰি প্ৰাণী সমূহৰ ভাষা উলিয়াই, তাক প্ৰত্যুত্তৰ দিয়াৰ বা যোগাযোগৰ বাবে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। এনে ধৰণৰ প্ৰকল্পে ভবিষ্যতে মানুহ আৰু প্ৰাণীৰ মাজত উন্নত যোগাযোগ সম্ভৱ কৰিব পাৰিব।
এই ESP বা Earth Species Project আৰু
NLP বা Natural Language Processing গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা AI-ৰ সহায়ত প্ৰাণী সমূহৰ ভাষা বুজিবলৈ আৰু মানৱ ভাষাৰ সৈতে মিলাবলৈ প্ৰচেষ্টা চলাই আছে।
বৰ্তমান আধুনিক যুগত পৃথিৱীত AI এ শীৰ্ষস্থান দখল কৰি এক তুলপাৰ সৃষ্টি কৰিছে, সেইয়া লাগিলে Open AI, Chat GPT নাইবা Deepseek এ হওঁক।
বন্ধুসকল এই বিষয়ে আপোনালোকৰ মতামত জনাবচোন !
আৰু লগতে প্ৰতিদিনে এনেধৰণৰ নতুন নতুন সত্য তথ্য মোৰ এই ফেচবুক পেজটো দ্বাৰা জানি যাবলৈ Follow কৰি দিব লগতে আনে জানিবলৈও শ্বেয়াৰ কৰি দিব। ধন্যবাদ
✍️.....মাইনা গগৈ Maina Gogoi
মানুহৰ টোপনি যোৱাত ঘটা কেইটামান ৰহস্য
.
.
10/02/2025
আপুনি বাৰু জানেনে,ভাৰতত মোবাইল নম্বৰ কিয় ১০ টা সংখ্যাৰ হয় ❓কিয় বাৰু কম কৈ নহ'ল, কম কৈ হোৱা হ'লে মনত ৰাখিবলৈও ভাল হ'ল হয় নহয়নে ❓
ভাৰতত মোবাইল নম্বৰ ১০ সংখ্যাৰ হোৱাৰ মূল কাৰণ হৈছে জনসংখ্যাৰ ওপৰত পৰিকল্পনা (National Numbering Plan - NNP)। টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া (TRAI) আৰু ডিপাৰ্টমেন্ট অৱ টেলিকমিউনিকেচন (DoT)-এ এই পৰিকল্পনা প্ৰস্তুত কৰে।
মোবাইল নম্বৰ ১০ সংখ্যাৰ হোৱাৰ কাৰণসমূহ হৈছে :
1. সংখ্যাৰ যথেষ্ট যোগান:
১০ সংখ্যাৰ ব্যৱহাৰে ১০ বিলিয়ন (1,000 কোটি) অনন্য নম্বৰ সম্ভৱ কৰে।
ভাৰতৰ জনসংখ্যা অতি বৃহৎ, গতিকে অধিক নম্বৰ প্ৰদানৰ প্ৰয়োজন।
উদাহৰণস্বৰূপে বৰ্তমান ভাৰতৰ জনসংখ্যা হৈছে 1,463,865,525 ইয়াত ১০ টা সংখ্যা জড়িত হৈ আছে নহয় নে, যদি মোবাইল নম্বৰ ৮ বা ৯ টা হোৱা হ'লে কি হ'ল হয় ? হয়তো তেতিয়া সকলোৱে মোবাইল নম্বৰ ভাগত নপৰিলে হয়। সেইবাবে জনসংখ্যা ওপৰত ভিত্তি কৰি NNP এ ১০ সংখ্যাৰ মোবাইল নম্বৰৰ ব্যৱস্থা কৰিলে ।
2. আন্তঃৰাষ্ট্ৰীয় মাপকাঠি:
ইণ্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়ন (ITU)-এ প্ৰতিখন দেশে কিমান সংখ্যাৰ ব্যৱহাৰ কৰিব তাৰ নিদৰ্শনা দিয়ে।
ভাৰতৰ বাবে ১০ টা সংখ্যাৰ মোবাইল নম্বৰ নিৰ্ধাৰণ কৰা হৈছে।
3. ভৱিষ্যতৰ প্ৰস্তুতি:
১০ সংখ্যাৰ ব্যৱস্থাই নতুন নম্বৰ শ্ৰেণী আৰু টেলিকম অপাৰেটৰ যোগ কৰিবলৈ সুবিধা দিয়ে।
যিহেতু মোবাইল ব্যৱহাৰ আৰু জনসংখ্যা দুয়ো বৃদ্ধি পাইছে, গতিকে দীঘলীয়া সময়ৰ বাবে ই উপযুক্ত হৈছে যদি ১০ টা সংখ্যাত কৈ কম সংখ্যা থকা হ'লে ভাৰতত আকৌ পুনৰ বৃদ্ধি কৰিব লগা হ'ল হয়।
প্ৰথমতে, ভাৰতত লেণ্ডলাইন নম্বৰ ৫ বা ৬ টা সংখ্যাৰ আছিল, কিন্তু মোবাইল ফোন আহাৰ লগে লগে, ২০০৩ চনত NNP পৰিকল্পনাৰে ১০ সংখ্যাৰ মোবাইল নম্বৰ ব্যৱস্থা কৰা হৈছিল।
NNP অনুসৰি ভবিষ্যতে যদি জনসংখ্যা আৰু টেলিকম ব্যৱস্থা অধিক বাঢ়ে, তেন্তে ভবিষ্যতে নম্বৰৰ দৈৰ্ঘ্যও বৃদ্ধি কৰিব ।
✍️.....মাইনা গগৈ
🙏 অনুগ্ৰহ কৰি, অকণমান সময় ব্যয় কৰি , ধৈৰ্য ধৰি ভিডিঅ'টো শেষ লৈকে কথাখিনি গুৰুত্ব সহকাৰে শুনিবচোন । যদি ভাল লাগে শ্বেয়াৰ কৰি দিব ।
09/02/2025
আপুনি বাৰু জানেনে ভাৰতৰ পুৰণি ৫ টকীয়া মুদ্ৰাটো কিয় লুপ্ত হৈ গৈছে❓ এতিয়া যদি ক'ৰবাত কেনেবাকৈ এই মুদ্ৰাটো আছে বা প্ৰচলন হৈ আছে হয়তো আৰু কিছুদিৰ পিছত ইয়াক দেখা নাপায়। কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) ৫ টকীয়া মুদ্ৰাৰ নিৰ্মাণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ প্ৰধান কাৰণ হ'ল পুৰণি ৫ টকীয়া মুদ্ৰাবোৰত ব্যৱহৃত ধাতুৰ মূল্য মুদ্ৰাটোৰ মুখ্য মূল্যতকৈ অধিক হোৱাত, কিছুমান অপৰাধী দুষ্ট চক্ৰ গোটে এই মুদ্ৰাবোৰ গলাই ব্লেড আদি সামগ্ৰী প্ৰস্তুত কৰি অধিক লাভ অৰ্জন কৰে। উদাহৰণস্বৰূপে, এটা ৫ টকীয়া মুদ্ৰা গলাই পাঁচখন পৰা ছখন ব্লেড তৈয়াৰ কৰিব পাৰি, এখন ব্লেডৰ মূল্য যদি ১.৫০ বা ২ টকা হয় তেন্তে ১০ বা ১২ টকা পাই , মুদ্ৰাটোৰ মূল্য ৫ টকা কিন্তু ইয়াৰ পৰা ৫ টকাতকৈও অধিক অৰ্জন কৰে। এই কাৰণেই চৰকাৰ আৰু RBI-এ পুৰণি ৫ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
তদুপৰি, পুৰণি ৫ টকীয়া মুদ্ৰাবোৰৰ ওজন ৯ গ্ৰামতকৈ বেছি আছিল, যাৰ ফলত এই মুদ্ৰাবোৰৰ উৎপাদন খৰচো অধিক হৈছিল। এই সকলো কাৰণৰ বাবে, পুৰণি ৫ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ কৰি, তাৰ পৰিৱৰ্তে পাতল আৰু কম ওজনৰ নতুন মুদ্ৰা প্ৰচলন কৰা হৈছে।
মোৰ এই পেজটো দ্বাৰা প্ৰতিদিনে এনেধৰণৰ নতুন তথ্য আপুনি জনাৰ লগতে আনে জানিবলৈও তথ্য সমূহ শ্বেয়াৰ কৰিব আৰু পেজটো ফ্ল (follow)কৰি থ'ব। ধন্যবাদ
✍️.....মাইনা গগৈ
08/02/2025
আপুনি বাৰু জানেনে বিশ্বৰ আটাইতকৈ দামী ঔষধ বিধৰ নাম কি আৰু ইয়াক কোন ৰোগত ব্যৱহাৰ হয় ❓
বিশ্বৰ আটাইতকৈ দামী ঔষধৰ ভিতৰত অন্যতম ঔষধ বিধ হৈছে 'Zolgensma', যি এক জীন থেৰাপি ঔষধ। ই স্পাইনেল মাচুলাৰ এট্ৰফি (SMA) নামৰ এটা দুৰ্লভ আৰু গুৰুতৰ জীনগত ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। এই ঔষধৰ মূল্য প্ৰায় ২.১ মিলিয়ন আমেৰিকান ডলাৰ ভাৰতীয় মূল্যত প্ৰায় ১৭ কোটি ভাৰতীয় টকা।
অন্য দামী ঔষধ সমূহৰ ভিতৰত hemgenix,
'Luxturna' আৰু 'Kymriah' অন্তৰ্ভুক্ত। 'Luxturna' এটা জীন থেৰাপি ঔষধ, যি এটা বিশেষ ধৰণৰ বংশগত চকুৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু ইয়াৰ মূল্য প্ৰায় ৮৫০,০০০ আমেৰিকান ডলাৰ প্ৰায় ৬.৮ কোটি ভাৰতীয় টকা। 'Kymriah' এটা CAR-T চেল থেৰাপি ঔষধ, যি কিছুমান প্ৰকাৰৰ কেঞ্চাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু ইয়াৰ মূল্য প্ৰায় ৪৭৫,০০০ আমেৰিকান ডলাৰ আৰু ভাৰতীয় মূল্যত প্ৰায় ৩.৮ কোটি ভাৰতীয় টকা।
এই ঔষধসমূহৰ উচ্চ মূল্যৰ কাৰণ হৈছে তেওঁলোকৰ উন্নয়ন আৰু উৎপাদন প্ৰক্ৰিয়া জটিল আৰু ব্যয়বহুল হোৱাত। তদুপৰি, এই ঔষধসমূহ সাধাৰণতে দুৰ্লভ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়, যাৰ বাবে ৰোগীৰ সংখ্যা কম, আৰু এইবোৰৰ উন্নয়ন খৰচ উভতাই পাবলৈ কোম্পানীসমূহে উচ্চ মূল্য নিৰ্ধাৰণ কৰে।
এনেধৰণৰ সত্য তথ্য সমূহ আপুনি জনা লগতে আনে জানিবলৈ ও শ্বেয়াৰ কৰিব পাৰিব।
✍️.....মাইনা গগৈ
knowledge and informatics video.
education related video.
Click here to claim your Sponsored Listing.