নুৰুল আমিন প্ৰাইজমানি নগাঁও প্রথম ডিভিজন আন্তঃক্লাব ফুটবল আৰম্ভ
নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা
নগাঁও ক্রীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত শুক্ৰবাৰৰ পৰা চলিত বৰ্ষৰ নুৰুল আমিন প্ৰাইজমানি প্ৰথম ডিভিজন আন্তঃক্লাব ফুটবল লীগ আৰম্ভ হৈছে । এই লীগ প্ৰাক্তন ফুটবলাৰ পদ্ম বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । ক্ৰীড়া সংগঠক প্লাৱন বৰুৱাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক দীপক দাস, ডাঃ কৃষ্ণ কুমাৰ বৰা আৰু ডাঃ জয়ন্ত বৰুৱা আদিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । নগাঁও ক্রীড়া সংস্থাৰ স্বীকৃত প্রথম ডিভিজনৰ মুঠ আঠটা ক্লাবৰ মাজত ৰাউণ্ড ৰবীন লীগ পদ্ধতিত আয়োজিত এই লীগৰ উদ্বোধনী খেলত সঞ্জীৱন সমাজে ত্ৰিনয়ন গোষ্ঠীক ৫-১ গ'লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে । খেলখনত সঞ্জীৱন সমাজৰহৈ বিদেশী (ঘানা) খেলুৱৈ ৰিছ'মণ্ড এৱাইটে (৪৪,৬০,৬১মিনিট) তিনিটাকৈ গ'ল স্ক'ৰৰে হেটট্ৰিক কৰাৰ লগতে পৰশমনি বৰদলৈ (২০মিনিট) আৰু লক্ষ্যজ্যোতি দাসে (৩৮মিনিট) আন দুটা গ'ল দিয়ে । ইয়াৰ বিপৰীতে ত্ৰিনয়ন গোষ্ঠীৰহৈ ধীৰসিং বৰদলৈ (২৮মিনিট) য়ে একমাত্ৰ গ'লটো স্ক'ৰ কৰে । খেলখন পৰিচালনা কৰাত ৰেফাৰী ঘনশ্যাম দাসক সহায় কৰে কল্যাণ বৰুৱা, পবিত্ৰ বৰা (পবিতৰা) আৰু অ'হিদুজ জামানে (চতুৰ্থ) ।
OlympiaSports
This page is created for sports all type of sports news as our page olympiasports.in is hacked.
requesting all of the follower of the page to follow this page. hacker may post unwanted content on https://www.facebook.com/olympiasports.in
Want your business to be the top-listed Gym/sports Facility in Gauhati?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Location
Category
Contact the business
Website
Address
Ravi Ram Bhawan, Rajgarh Road, Near 6th Bylane, House NO 254
Gauhati
781003
Gauhati
781003