=================================
বৰপেটা চিভিল হস্পিতালৰ শ্ৰদ্ধাৰ ফটিক
কম্পাউণ্ডাৰ _এজন বেকবেঞ্চাৰৰ স্মৃতিকথা
=================================
আজিৰ পৰা ষাঠি বছৰ মান আগৰ কথা। তেতিয়া মই তৃতীয়মান শ্ৰেণীত। বছৰেকীয়া পৰীক্ষা হৈ যোৱাৰ পিছত আমাৰ ঘৰৰ পিছ পিনে থকা ঘাহঁনিৰ পৰা পোহনীয়া গৰু কেইটাৰ কাৰণে কাচিখন লৈ ঘাহঁ কাটিব গৈছিলোঁ। মই বাওঁহতীয়া। কিছু সময় ধৰি ঘাঁহ কাটি থকাৰ পিছত অকস্মাতে কাচিখন ঘাহঁৰ পৰা পিছলি সোঁহাতৰ কেঞা আঙুলিটো ৰেপি দিলো নহয়। কোনোমতে অকণমান চালত লাগি থকা আঙুলিটো আকৌ ঠিক ঠাইত লগাই হাতেৰে টিপি ধৰি ঘৰলৈ দিলোঁ দৌৰ। ঘৰৰ পৰা কোনোবাই ৰিক্সা এখনেৰে মোক লৈ গ'ল চিভিল হস্পিতাললৈ। খৱৰ পোৱা মাত্ৰেই বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যামিকৰ শিক্ষক ডাঙৰ ভিনিহিদেউ স্বৰ্গীয়া কৃষ্ণকান্ত দাসেও লগে লগে আহি পালে।
তেতিয়া বহুত ৰোগীৰ ড্ৰেচিং কৰাত ব্যস্ত সকলোৱে পৰিচিত ফটিক কম্পাউণ্ডাৰ । ডেকা বুঢ়া যাকে সোধক, চিভিল হস্পিতালৰ ড্ৰেচিংৰ ৰুমৰ এটাই পৰিছিত নাম "ফটিক কম্পাউণ্ডাৰ"।
দুজনমানৰ জৰুৰী ড্ৰেছিং কৰিব লগা আছিল সেয়ে অলপ ৰব লগা হ'ল। আঙুলিটো জোৰা লগাবলৈ চিলাই কৰিবৰ কাৰণে যিটো বেজি লৈ আহিলে দেখিয়ে মোৰ জীউ উৰি গ'ল। এনাষ্টেচিয়া আদি একো নিদিয়াকৈ চিলাই কৰোতে যেতিয়া চিয়ঁৰ বাখৰ আৰম্ভ কৰিলো, তেতিয়া মোকেই আকৌ ধমক দি ক'লে, " আৰো ঘাহঁ কাট্বা যাবি (আৰু যাবা ঘাহঁ কাটিবলৈ) যেন মই কিবা অপৰাধ কৰি আহিছোঁ । তেখেতৰ শাসনৰ সুৰতো মৰম থাকে আৰু নিষ্ঠাৰে সেৱা আগবঢ়াইছিল কাৰণেই সকলোৱে মানুহজনক খুব ভাল পাইছিল।
শ্ৰদ্ধাৰ ফটিক কম্পাউণ্ডাৰৰ ঘৰ আমবাৰি হাটীৰ আমাৰ মামাহঁতৰ একেবাৰে কাষতেই, গতিকে আগৰ পৰাই আমাক চিনি পায়। তেখেত এতিয়া এই পৃথিৱীত নাই যদিওঁ সুন্দৰ স্মৃতি অন্তৰত ৰৈ গৈছে
🙏🙏🙏
Babul Pathak
Pedalling for Hope
I am a 67 years old novice cyclist attempting to pedal around India to spread awareness on cancer
23/12/2024
केंसर से पत्नी को खोने पर, केंसर जगरुक यात्रा मे निकला 65 वर्षीय रिटायर्ड, जिओ वैज्ञानिक। । केंसर से पत्नी को खोने पर, केंसर जगरुक यात्रा मे निकला 65 वर्षीय रिटायर्ड, जिओ वैज्ञानिक। । AasPass, singh #झंझारपुर #...
Babul Pathak Bbci Guwahati
🚫সতর্কীকৰণ বিজ্ঞপ্তি :
বিভিন্ন সূত্রই জনাইছে যে, শান্তিপ্ৰিয় কিছুমানে আমাৰ প্রায় সকলোৰে একাউণ্ট ক্লোন কৰিছে ! আপোনাৰ প্রোফাইল পিকচাৰ আৰু নাম দি আন এটা একাউণ্ট খোলা হৈছে! তাৰপিছত সিহঁতে আপোনাৰ বন্ধুলৈ বন্ধুত্বৰ ৰিকুৱেষ্ট পঠায়, আৰু আপোনাৰ বন্ধুসকলে আপুনি বুলি ভাবি সেয়া গ্রহণ কৰিছে। আৰু বিভিন্ন চৰকাৰ-বিৰোধী ধর্ম-বিৰোধী, যি আপোনাক ফান্দত পেলাবলৈ লেখা, ছবি পোষ্ট কৰিব। এই সুযোগতে এই তস্কৰৰ দলে সিহঁতৰ বার্তা বিয়পাব আপোনাৰ পৰিচয়েৰে। মই নিশ্চিত কৰি জনাইছোঁ যে, মোৰ নামত নতুনকৈ আৰু কোনো একাউণ্ট খোলাৰ কোনো ইচ্ছা বা পৰিকল্পনা মোৰ নাই। সেয়ে মোৰ এই একাউণ্টৰ বাহিৰে অন্য কোনো একাউণ্টৰ পৰা দ্বিতীয় কোনো ৰিকুৱেষ্ট পালে সেয়া গ্রহণ নকৰিব।
লগতে কোনোৱে মোৰ পৰিচয়েৰে ভ্রান্তি বিয়পালে মই দায়ী নহয়। এই ম্যাছেজটো কপি পেষ্ট কৰি আপোনাৰ ৱালত ৰাখক। ময়ো ৰাখিলোঁ। নিজে বাচক, আনকো বচাওক। ধন্যবাদ।🙏
তোমাৰ দৰে
মোৰ আকাশ চুবলৈ মন নাই
মই মাটিৰ মানুহ
মাটিতেই থাকি সপোন দেখাৰ মন
তুমি উচ্চ অভিলাষী
মানৱ প্ৰেম অবিহনেই
আকাশতে সপোন সাৰ্থক কৰাৰ
লৈছা যে পণ !
@আকাশ চুবলৈ মন
Good morning !
সম্পৰ্ক গঢ়ি লৈ মই কি কৰিম, যদি উত্তৰ দিবলৈ হৃদয়েই নাই !
অনুশোচনা তেতিয়াহে হ'ব যদি ভালপোৱা জনেই আতৰি যায় ! ©MobaPaৰ_quotes✍️
29/02/2024
প্ৰিয় মিত্ৰ !
আজি মই সাধাৰণ ব্যক্তি জনে কিতাপৰ আকৃতিত প্ৰকাশিত নিজৰ লিখনি সমূহ অসমৰ প্ৰত্যেক জিলাৰ আগশাৰীৰৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰীত ছাত্ৰ-ছাত্ৰীৰ উপকাৰত অহাকৈ আন্তৰিক শ্ৰদ্ধাৰে বিনামূলীয়াকৈ দিবলৈ সিদ্ধান্ত লৈছোঁ ।
কৰ্কট ৰোগৰ সজাগতাৰ কাৰণে দেশব্যাপী আঠহাজাৰ কিলোমিটাৰ চাইকেল চলোৱাৰ নিচিনাকৈ এই সাধাৰণ কামটো কৰা দেখিলে মোৰ স্বৰ্গগামী পত্নী সুচিত্ৰাৰ আত্মাই নিশ্চয় শান্তি পাব 🙏
27/02/2024
১৯৩৮ চনতে স্থাপিত নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ ৫২৩ নং লঠাবৰি প্ৰাথমিক বিদ্যালয়ত সকলো সন্মানীয় শিক্ষক শিক্ষয়ত্ৰীৰ লগতে মোৰ কন্যাসম আৰু একেখন বিদ্যালয়ৰে শিক্ষয়ত্ৰী শ্ৰী বন্দিতা চক্ৰৱৰ্তীয়ে দেশব্যাপী চাইকেলেৰে যাত্ৰা কৰি কৰ্কট ৰোগৰ সজাগতা চলোৱাৰ বাবে আজি ২০২৪ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মোক বিপুল ভাৱে সম্ভাষণ জনায়। তেখেত সকলক মোৰ হৃদয়ৰ পৰা ধন্যবাদ জনোৱাৰ উপৰি বিদ্যালয়খনৰ লগতে শ্ৰদ্ধাৰ সকলো শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ🙏🙏🙏
Friends !
মোৰ স্বৰ্গগামী পত্নীৰ প্ৰতি ইয়াতকৈ মহান শ্ৰদ্ধাঞ্জলী কি হ'ব পাৰে !
বিহাৰৰ চাপ্ৰাত ল'গ পোৱা পুত্ৰসম আৰু অন্তৰৰ সৈতে সাঙোৰ থকা শ্ৰী ধৰ্মেন্দ্ৰ ৰাস্তোগীয়ে মাকৰ সন্মান দি লিখা উপলব্ধি খিনি আপোনালোকলৈ আগবঢ়ালোঁ 🙏
---------------------------------------------
मां को कभी भी किसी परिस्थिति में परिभाषित नही किया जा सकता है। क्योंकि जीवन के फूलों में मां के खूशबू का वास है, तो रोते हुए बच्चे के लिए मां खुशनुमा पालना है, वहीं मरूस्थल में नदी या मीठी सी झरना है, मां लोरी है, गीत है, प्यारी- सी थाप है, मां पूजा की थाली है, मंत्रो की जाप है, मां मेरी आंखों का सिसकता हुआ किनारा है, मां की ममता अविरल धारा है, गालों पर पप्पी है, क्योंकि मां बच्चों के लिए जादू की झप्पी है, झुलसते दिनों में कोयल की बोली है मां, मेहंदी, कुमकुम, सिंदूर और रोली के साथ ही त्याग और तपस्या की मूरत है, मां के एक फूंक से ठंडा कलेवा है, तो मां कलम, दवात और स्याही भी है!
धर्मेंद्र कुमार रस्तोगी
Ln Dharmendra Rastogi I have no words to express my gratitude for your emotional expressions !🙏🙏🙏❤️🙏🙏🙏
Click here to claim your Sponsored Listing.
Location
Category
Contact the business
Telephone
Website
Address
Guwahati
781016
17/03/2025