Food"e"tarian

Food"e"tarian

Share

Sharing healthy food recipes from Assam❤️

Photos from Food"e"tarian's post 08/01/2026

বীৰৰ ব্ৰেকফাষ্টত ষ্ট্ৰবেৰী আৰু ব্লুবেৰী পেনকেক, গ্ৰীক য়ৰ্গাট
চিকেন পোলাও আৰু এপাৰ'গাছ, গাজৰ আৰু ব্ৰুচেল স্প্ৰাউটৰ ভাজি♥️


゚viralシalシ



Photos from Food"e"tarian's post 07/12/2025

বেবী লেড উইনিং আৰু ইয়াৰ উপকাৰিতা🌸

সিশুৱে নিজে খাবলৈ শিকাটো খুব প্ৰয়োজনীয়... প্ৰতিটো খাদ‍্য হাতেৰে চুই খাদ‍্যৰ texture, কেনেকৈ চোবাব আৰু গিলিব সেয়া অনুশীলন কৰিব পাৰে আৰু ক্ৰমান্বয়ে শিকে..৬ মাহ হোৱাৰ লগে লগে finger food অৰ্থাৎ হাতেৰে ধৰি খাব পৰা যিকোনো ফল বা সিদ্ধ পাচলি দিব পাৰে..।

নিজে খাদ‍্যৰ প্ৰতি আকৰ্ষিত হ'লে বা প্ৰতিটো meal ৰ লগত connect কৰিব পাৰিলে শিশু পৰাপক্ষত picky eater নহয় আৰু খাদ‍্য মুখত লৈ নাথাকে, আৰু পাচনক্ৰীয়া ভাল হয়..।তাৰমাজতো প্ৰতিটো শিশুৰ মাজে মাজে খাদ‍্যৰ প্ৰতি অনিহা আহে, একেটা বস্তু সদায় খাব নিবিচাৰে বা মাজে মাজে খোৱা কমাব পাৰে সেয়া নৰমেল, শিশুটোৰ যদি ‍আন একো অসুখ বিসুখ সঘনাই হৈ নাথাকে, ভালকৈ খেলি ধুলি থাকে আৰু average body weight এটাত থাকে তেনে ইমান চিন্তাৰ প্ৰয়োজন নাই..।

প্ৰ'টিন শিশুৰ বৃদ্ধি আৰু বিকাশত খুব প্ৰয়োনয়ীয় দেইলি ডায়েটত শিশুৰ প্ৰ'টিন, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ আৰু healthy fat থকাটো খুব দৰকাৰী..।

সময়ৰ অভাৱ হ'লে এইদৰে পনীৰ, কনী, বিভিন্ন শাক পাচলি সকলো সামান‍্য বাটাৰত saute কৰি ভাতকেইটামান লগতে দি খুৱাব পাৰে।





Photos from Food"e"tarian's post 02/12/2025

সদায় ৰান্ধি আছো আমিষ বা নিৰামিষ কিন্তু প্ৰতিবাৰেই ফটো তুলিবলৈ ইচ্ছা নাযায়... ফটো তুলিবলৈও এক আৱেগ লাগে এক নষ্টালজীয়া নাইবা এক কাহিনী লাগে...! শীতকালটো সঁচাকৈয়ে নষ্টালজীয়া আৰু আৱেগৰ সময়... বাংগালুৰুতো সন্তপৰ্ণে ঠাণ্ডা নামিছে এইকেইদিন সৰ্বনিম্ন তাপমাত্ৰা ১৮ বা ১৭ ডিগ্ৰী চেলচিয়াচলৈ নামিছে.. ফেৰফেৰীয়া বতাহজাকৰ বাবে আচল temperature তকৈ ২/৩ ডিগ্ৰী কমিযায়... এই যে পুৱতি নিশা কম্বলখন আৰু অকণ টানি কাণ মুৰ ঢাকি শুব মন যায় সেই অনুভৱ হৈছে...! পুৱা ৰ'দকণ পিঠিতে লৈ যেন বহিম অলপ কিন্তু ইয়াত এইকেইদিন ৰ'দ ভালদৰে দিয়া নাই আৰু এশ এবুৰি পুৱাৰ কাম লৈ ক'ত আৰু সম্ভৱ..।

এনে দিনত আজি পুৱাই মন গ'ল ধোঁৱাই থকা মূলা দিয়া এখন দাইল, সৰহকৈ ধনীয়া দিয়া আলু পিতিকা অকণ, বিলাহী পুৰা অকণ আৰু বেঙনাভজা.... আহ! মোৰ অসমৰ শীতক বুকুত লৈ সাধাৰণ হ'লেও আৱেগৰ এসাঁজ♥️





Photos from Food"e"tarian's post 28/11/2025

বীৰৰ ব্ৰেকফাষ্ট♥️

Photos from Food"e"tarian's post 20/11/2025

ৰাগি বল/ raagi mudde



14/11/2025

বীৰৰ পুৱাৰ ভাতসাঁজ কচুদিয়া দাইল আৰু কলদিলৰ পিতিকা ♥️




Photos from Food"e"tarian's post 13/11/2025

এই যে নতুনকৈ ঠাণ্ডা পৰাৰ লগে লগে সতেজ সৰু সৰু ধুনীয়া ফুলকবি, নতুনকৈ উলোৱা সেউজীয়া মটৰ, ধনীয়া কেইদালৰ যে কি সুগন্ধ♥️ সেই ধোৱা বলি থকা মাছৰ জোলখন... সেই সোৱাদ অসমৰ নকৈ পৰা ঠাণ্ডাকালিৰ আখলতহে আছে.. ইয়াত বাৰমাহে পোৱা ডাঙৰ ডাঙৰ ফুলকবি, ধনীয়াত সেই আৱেগ নাই..... সেয়ে এই জুতি একেবাৰেই ৰন্ধা নহয় মোৰ... যিহেতু অসমত ঠাণ্ডা পৰিছে সেইদিনকেইটি, সেই জুহালৰ জুতিকে মনত লৈ আজি বাংগালুৰুৰ আঁখলৰ পৰা-
ফুলকবি, বিলাহী আলুৰে মাছৰ জোল🌼♥️






Photos from Food"e"tarian's post 13/11/2025

কি মৰমলগা নহয়নে... অকনমানি অকনমানি ইডলি আৰু বিলাহী পিয়াজৰ চাটনি এয়া পিছে কাষৰ দিদি গৰাকীয়ে দিয়া♥️





Photos from Food"e"tarian's post 13/11/2025

সদায়নো ভাত কিমান খাব, আজি বীৰৰ ব্ৰেকফাষ্টত মালাই ব্ৰেড❤️




12/11/2025

বীৰৰ জন্মগতভাৱে হিমগ্লবীন কিছু কম মাজে মাজে iron syrup খুৱাও যদিও iron rich খাদ‍্য খুৱাবলৈ পালে মনটো ভাল লাগে,
বীৰৰ কাঁহীত পাহাৰীয়া কলদিলৰে দাইল
কলদিলৰ ফুলৰ বৰ
সিদ্ধ কনী




03/11/2025

আমাৰ ২২ মহীয়া সন্তান বীৰৰ ভাতসাঁজ
বীৰ ৰ ৬ মাহ হোৱাৰে পৰা তাক সকলো ধৰণৰ শাক পাচলি দিছো আৰু এতিয়া সকলো শাক পাচলি আনকি তিতা টেঙা জ্বলাও খুব ধুনীয়াকৈ খায়..। সকলো অভ‍্যাসৰে কথা এদিন নাখালে বুলি শিশুক সেইটো বস্তু আকৌ নিদিয়াকৈ থাকিব নালাগে বাৰে বাৰে দিলে সিহঁতে adapt কৰি লয়., প্ৰতিসাঁজ আহাৰ প্ৰটিন, ফাইবাৰ, ভিটামিন, মিনাৰেল আৰু স্বাস্থ‍্যকৰ চৰ্বীযুক্ত হোৱাটো দৰকাৰী..।
আজি আছিল ঔটেঙা দিয়া দাইল
ঘীঁউত ভজা ব্ৰকলি আৰু মূৰ্গী মাংস❤️

আপোনাৰ শিশুটিয়ে ভালদৰে খাইনে..?




Want your business to be the top-listed Gym/sports Facility in Bangalore?

Click here to claim your Sponsored Listing.

Location

Website

Address

Bangalore