04/11/2025
শ্ৰদ্ধাঞ্জলি ৰতিকান্ত টেৰণদেৱলৈ
জীৱন-পঞ্জী
জন্মস্থান : পামহী ,গুৱাহাটী।
জন্ম চন : ২৫ আগষ্ট ১৯৩৩ চন , দেওবাৰ ।
গোত্ৰ - টেৰণ মিলিক ।
পিতৃ : নাডু টেৰণ
মাতৃ : নৰ্মেবালা ইংতিপী ।
ককাইদেউ : আনন্দ টেৰণ ।
ভাতৃ : বটিৰাম টেৰণ , মায়াৰাম টেৰণ ।
বাইদেউ : সবে টেৰণপী ।
ভগ্নী : সুন্দৰী টেৰণপী ।
শিক্ষা : ১৯৪০ চনত ছয়বছৰ বয়সত মইনাখোৰোং এল'পি স্কুলৰ পৰা ১৯৪৭ চনত আজাৰা এম'ই স্কুল শেষ কৰি চম্পাৱতী হাইস্কুলতো শিক্ষা লয় । শিক্ষকতা কৰি থকা অৱস্থাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । শিক্ষকতা কৰি থকা সময়ত ১৯৯০-৯১ চনত ৰঙিয়াত শিক্ষক প্ৰশিক্ষণতো অংশ লয় ।
বিবাহ : ৫ মাৰ্চ ১৯৫৬ চন ,বুধবাৰ ।
পত্নী : স্বৰ্গীয়া ধনেশ্বৰী মুৰাৰী ইংতিপী ।
সন্তান : ৯ টা । বিমলা, সুমন্ত, জয়াৰাণী ,ঁবিজয়া, ঁপ্ৰফুল্ল, বসন্ত, কুঞ্জলতা , ঁঅমৰেন্দ্ৰ আৰু প্ৰতিভা ।
কৰ্মস্থলী : গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয়ৰ(বিৰুবাৰী) পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ ।
অৱসৰ : ১৯৯৭ চন ।
সামাজিক কৰ্মস্থলী :
১। অসম ভৈয়াম কাৰ্বি আদৰবাৰৰ প্ৰতিষ্ঠাপক সম্পাদক , প্ৰাক্তন উপ-সভাপতি তথা প্ৰাক্তন সভাপতি ।
২। ১৯৫২ চনৰ পৰা ট্ৰাইবেল লীগ বৰ্তমান সদৌ অসম ট্ৰাইবেল সংঘৰ কাৰ্যালয় সহায়ক, যুটীয়া সম্পাদক, সাধাৰণ সম্পাদক আৰু উপ-সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল ।
৩। সদৌ অসম পাৰ্বত্য জনজাতি পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ।
৪। জনজাতি স্মৃতি জাগৰণ সমিতি , অসম প্ৰতিষ্ঠাপক সভাপতি ।
৫। নাগৰিক ঐক্য মঞ্চ , বৃহত্তৰ দক্ষিণ-পশ্চিম গুৱাহাটী প্ৰতিস্থাপক উপদেষ্টা।
৬। কাৰ্বি ভাষা শিক্ষাৰ হেতু থলুৱা কাৰ্বি জাতি এলেকাধীন স্কুল সমূহত পোণপ্ৰথমবাৰৰ বাবে কাৰ্বি "ভাষা শিক্ষক" নিযুক্তি দিয়া হৈছিল ।
৭। কাৰ্বি বাংথে আচেম্ , কাৰ্বি কৰ্মচাৰী পৰিষদ, জননেতা ভীমবৰ দেউৰী'ৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি জনজাতি স্মৃতি জাগৰণ সমিটি গঠণত উদ্যোগ লওঁতা ।
৮। তেখেত আমবাৰী অঞ্চলত বন্ধু-বৰ্গৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আমবাৰী সমবায় ভাণ্ডাৰ , আমবাৰী সাৰ্বজনীন বিহু , দূৰ্গা মন্দিৰ , আমবাৰী শিক্ষানুষ্ঠান সমূহ( আমবাৰী নৱযুগ প্ৰাথমিক বিদ্যালয় , আমবাৰী হাইস্কুল , ৰাধা গোবিন্দ বৰুৱা কলেজ , বি এড কলেজ), জনজাতি শ্মশান , ৰেনেচা ক্লাৱ , ৰংপথাৰ আদি অনুষ্ঠান সমূহৰ গঢ় দিওঁতা আছিল ।
৯। তেখেতৰ দূৰদৃষ্টিৰ বলত আমবাৰী বাসগৃহস্থিত তেখেতৰ টিলাটোত সমগ্ৰ অসমৰ পৰা গুৱাহাটীলৈ পঢ়িবলৈ বা কৰ্মসংস্থান বিচাৰি অহা দুখীয়া পৰিয়ালৰ যুৱক সকলৰ বাবে কম খৰচৰ ভাড়াঘৰৰ ব্যৱস্থাও পৰিবাৰৰ সৈতে মিলি তৈয়াৰ কৰিছিল । আজিও তেখেতৰ ভাড়াঘৰত থাকি নিজৰ জীৱন গঢ়া সেই যুৱক সকল বৃদ্ধ হ'লেও বিচাৰি আহে " টেৰণ ভৱন"ক।
১০। গুৱাহাটী ট্ৰাইবেল ইণ্ডাষ্ট্ৰীয়েল কোঃ অঃ ছ'চাইটি লিমিটেডৰ গুৰিধৰোতা ।
সৃষ্টি : কাৰ্বি ভাষাৰ উন্নতিৰ কথা চিন্তা কৰি তেঁও দুখন কিতাপ লিখিছিল : কাৰ্বি ওৱাৰ্ড বুক আৰু কাৰ্বি ব্যাকৰণ শিক্ষা । তাৰোপৰি বিভিন্ন সময়ত তেখেতৰ লিখা লিখনি বিভিন্ন অসমীয়া বাতৰি কাকত, আলোচনী সমূহত প্ৰকাশিত হৈছিল ।
ঠিকনা : প্ৰায় ১৯৫০ চনৰ পৰা স্থায়ী ঠিকনা । দীলিপ হুজুৰি পথ, ফটাশিল আমবাৰী , ঘৰ নং ১৭৩ ,গুৱাহাটী - ২৫ ।
ইহলীলা সম্বৰণ : ৪ নৱেম্বৰ ২০১১ চন, শুক্ৰবাৰ (১৬ কাতি ) নিশা ৮.১৭ বজাত ,৭৮ বছৰ বয়স।
বিঃদ্ৰঃ : সংগ্ৰহিত তথ্যৰে লিখা লেখন । ভুল-ক্ৰূটি থাকিলে আঙুলিয়াই দিব বুলি অনুৰোধ জনালো। 🙏
প্ৰতিভা টেৰণপী