Prativa Yoga World

Prativa Yoga World

Share

“Prativa Yoga World (PYW)” is founded by Yoga Therapist/Fitness Expert Ms. Prativa Teron. She is basically from Guwahati, Assam.

04/11/2025

শ্ৰদ্ধাঞ্জলি ৰতিকান্ত টেৰণদেৱলৈ
জীৱন-পঞ্জী

জন্মস্থান : পামহী ,গুৱাহাটী।

জন্ম চন : ২৫ আগষ্ট ১৯৩৩ চন , দেওবাৰ ।

গোত্ৰ - টেৰণ মিলিক ।

পিতৃ : নাডু টেৰণ

মাতৃ : নৰ্মেবালা ইংতিপী ।

ককাইদেউ : আনন্দ টেৰণ ।
ভাতৃ : বটিৰাম টেৰণ , মায়াৰাম টেৰণ ।

বাইদেউ : সবে টেৰণপী ।
ভগ্নী : সুন্দৰী টেৰণপী ।

শিক্ষা : ১৯৪০ চনত ছয়বছৰ বয়সত মইনাখোৰোং এল'পি স্কুলৰ পৰা ১৯৪৭ চনত আজাৰা এম'ই স্কুল শেষ কৰি চম্পাৱতী হাইস্কুলতো শিক্ষা লয় । শিক্ষকতা কৰি থকা অৱস্থাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । শিক্ষকতা কৰি থকা সময়ত ১৯৯০-৯১ চনত ৰঙিয়াত শিক্ষক প্ৰশিক্ষণতো অংশ লয় ।

বিবাহ : ৫ মাৰ্চ ১৯৫৬ চন ,বুধবাৰ ।
পত্নী : স্বৰ্গীয়া ধনেশ্বৰী মুৰাৰী ইংতিপী ।

সন্তান : ৯ টা । বিমলা, সুমন্ত, জয়াৰাণী ,ঁবিজয়া, ঁপ্ৰফুল্ল, বসন্ত, কুঞ্জলতা , ঁঅমৰেন্দ্ৰ আৰু প্ৰতিভা ।

কৰ্মস্থলী : গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয়ৰ(বিৰুবাৰী) পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ ।

অৱসৰ : ১৯৯৭ চন ।

সামাজিক কৰ্মস্থলী :
১। অসম ভৈয়াম কাৰ্‌বি আদৰবাৰৰ প্ৰতিষ্ঠাপক সম্পাদক , প্ৰাক্তন উপ-সভাপতি তথা প্ৰাক্তন সভাপতি ।
২। ১৯৫২ চনৰ পৰা ট্ৰাইবেল লীগ বৰ্তমান সদৌ অসম ট্ৰাইবেল সংঘৰ কাৰ্যালয় সহায়ক, যুটীয়া সম্পাদক, সাধাৰণ সম্পাদক আৰু উপ-সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল ।
৩। সদৌ অসম পাৰ্বত্য জনজাতি পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ।
৪। জনজাতি স্মৃতি জাগৰণ সমিতি , অসম প্ৰতিষ্ঠাপক সভাপতি ।
৫। নাগৰিক ঐক্য মঞ্চ , বৃহত্তৰ দক্ষিণ-পশ্চিম গুৱাহাটী প্ৰতিস্থাপক উপদেষ্টা।
৬। কাৰ্বি ভাষা শিক্ষাৰ হেতু থলুৱা কাৰ্বি জাতি এলেকাধীন স্কুল সমূহত পোণপ্ৰথমবাৰৰ বাবে কাৰ্‌বি "ভাষা শিক্ষক" নিযুক্তি দিয়া হৈছিল ।
৭। কাৰ্বি বাংথে আচেম্‌ , কাৰ্বি কৰ্মচাৰী পৰিষদ, জননেতা ভীমবৰ দেউৰী'ৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি জনজাতি স্মৃতি জাগৰণ সমিটি গঠণত উদ্যোগ লওঁতা ।
৮। তেখেত আমবাৰী অঞ্চলত বন্ধু-বৰ্গৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আমবাৰী সমবায় ভাণ্ডাৰ , আমবাৰী সাৰ্বজনীন বিহু , দূৰ্গা মন্দিৰ , আমবাৰী শিক্ষানুষ্ঠান সমূহ( আমবাৰী নৱযুগ প্ৰাথমিক বিদ্যালয় , আমবাৰী হাইস্কুল , ৰাধা গোবিন্দ বৰুৱা কলেজ , বি এড কলেজ), জনজাতি শ্মশান , ৰেনেচা ক্লাৱ , ৰংপথাৰ আদি অনুষ্ঠান সমূহৰ গঢ় দিওঁতা আছিল ।
৯। তেখেতৰ দূৰদৃষ্টিৰ বলত আমবাৰী বাসগৃহস্থিত তেখেতৰ টিলাটোত সমগ্ৰ অসমৰ পৰা গুৱাহাটীলৈ পঢ়িবলৈ বা কৰ্মসংস্থান বিচাৰি অহা দুখীয়া পৰিয়ালৰ যুৱক সকলৰ বাবে কম খৰচৰ ভাড়াঘৰৰ ব্যৱস্থাও পৰিবাৰৰ সৈতে মিলি তৈয়াৰ কৰিছিল । আজিও তেখেতৰ ভাড়াঘৰত থাকি নিজৰ জীৱন গঢ়া সেই যুৱক সকল বৃদ্ধ হ'লেও বিচাৰি আহে " টেৰণ ভৱন"ক।
১০। গুৱাহাটী ট্ৰাইবেল ইণ্ডাষ্ট্ৰীয়েল কোঃ অঃ ছ'চাইটি লিমিটেডৰ গুৰিধৰোতা ।

সৃষ্টি : কাৰ্বি ভাষাৰ উন্নতিৰ কথা চিন্তা কৰি তেঁও দুখন কিতাপ লিখিছিল : কাৰ্বি ওৱাৰ্ড বুক আৰু কাৰ্বি ব্যাকৰণ শিক্ষা । তাৰোপৰি বিভিন্ন সময়ত তেখেতৰ লিখা লিখনি বিভিন্ন অসমীয়া বাতৰি কাকত, আলোচনী সমূহত প্ৰকাশিত হৈছিল ।

ঠিকনা : প্ৰায় ১৯৫০ চনৰ পৰা স্থায়ী ঠিকনা । দীলিপ হুজুৰি পথ, ফটাশিল আমবাৰী , ঘৰ নং ১৭৩ ,গুৱাহাটী - ২৫ ।

ইহলীলা সম্বৰণ : ৪ নৱেম্বৰ ২০১১ চন, শুক্ৰবাৰ (১৬ কাতি ) নিশা ৮.১৭ বজাত ,৭৮ বছৰ বয়স।

বিঃদ্ৰঃ : সংগ্ৰহিত তথ্যৰে লিখা লেখন । ভুল-ক্ৰূটি থাকিলে আঙুলিয়াই দিব বুলি অনুৰোধ জনালো। 🙏
প্ৰতিভা টেৰণপী

01/05/2025
Photos from Prativa Yoga World's post 28/02/2024

This is my Dream Book .
Tital - Yog darsan
Biswa Cintadhara parivartsnar ati Marg .
Language - Assamese .
Cont. No 7576811676 .
🙏🙏🙏🙏🙏🙏
Interested people contact me directly . Thank you
Prativa Teron
Yoga Therapist .

Photos from Prativa Yoga World's post 06/02/2024

আকাশবাণী , গুৱাহাটী কেন্দ্ৰৰ নিমন্ত্ৰনত আজি মহিলাৰ অনুষ্ঠান "আইদেউৰ বুলনিৰ"ৰ বাবে " যোগৰ দ্বাৰা মহিলাৰ শাৰিৰীক-মানসিক বিকাশ " সম্পৰ্কীয় সাক্ষাৎকাৰ ৰেকৰ্ড কৰা হ'ল। উক্ত অনুষ্ঠান ১৪ ফেব্ৰুৱাৰীত অসমৰ ৰাইজে শুনিবলৈ পাব বুলি আশা ৰাখিলো । মোক নিমন্ত্ৰন দিয়াৰ বাবে পৰিণীতা বাইদেউ আৰু জোনালী বাউদেউ লৈ অশেষ ধন্যবাদ জনালো 🙏🙏🙏
Today an interview is taken at All India Redio ,Guwahati . sub:Yoga for woman

Photos from Prativa Yoga World's post 01/02/2024

অ-উ-ম : ঔঁম
ঔঁম'ধ্বনিৰ সৃষ্টিত তিনিতা মূল শব্দ অন্তঃৰ্নিহিত হৈ আছে ।
অ 'ব্ৰহ্মা'
উ 'বিষ্ণু'
ম 'মহেশ্বৰ'
মূলত এই ত্ৰিশক্তিয়ে ব্ৰহ্মাণ্ডৰ চালিকা শক্তি । এওঁলোকেই ইশ্বৰ ভগৱান । আমি যদি ভগৱানৰ সংজ্ঞা বিচাৰ কৰো জানিব পাৰো যে জন্ম-মৃত্যুৰ কালচক্ৰৰ উৰ্ধত চিৰশ্বাশ্বত ,চিৰন্তন সেইজনেই ভগৱান । মানৱৰ মাজত ভগৱান হোৱাৰ যোগ্যতা নাই কাৰণ মানৱজীৱন মৰণশীল , জন্মিলে মৰিব লাগিবই , মানুহ মাত্ৰেই দোষ-গুণৰ সমাহাৰ । কিন্তু আমি কিছুমান মানৱক ভগৱানৰ শাৰীলৈ আনো তেঁওলোকৰ কৰ্মৰাজীৰ গুণেৰে ।
জন্মত সকলোৱে নিজৰ পূৰ্বজন্মৰ সংস্কাৰ লৈ অহা বুলি এটি বিশ্বাস আছে । সেই বিশ্বাসৰ আধাৰ নোহোৱাও নহয় । কিন্তু লগত নতুন জন্মৰ প্ৰভাৱ , বৰ্তমান পিতৃ-মাতৃৰ তথা পৰিয়ালৰ ব্যৱহাৰ, পৰিবেশ এইসমূহ কাৰকে মানৱক ভগৱানৰ শাৰীলৈ উঠাই নিয়াত বাধা দিয়ে ।
ৰজা ৰামচন্দ্ৰ যি এজন জনহৈতিষী ৰজা আছিল । তেওঁৰ শাসনকালত জনসাধাৰণৰ জয়জয় ময়ময় অৱস্থা হোৱা বাবে মানুহৰ মনত তেঁও ভগৱান স্বৰূপ বুলি নামাকৰণ পাইছিল । কিন্তু সম্পূৰ্ণ ইশ্বৰ তেঁও নহয় । কাৰণ তেঁও দশৰথ ৰজাৰ ঔৰষত ৰাণী অহল্যাৰ গৰ্ভত থিতাপি লৈছিল আৰু জগতৰ কাম খিনি সম্পূৰ্ণ কৰি যেতিয়া মৃত্যুৰ ৰজা যমৰাজে আহি তেঁওক নিজৰ সৈতে নিব বিচাৰিলে তেঁও পানীত সোমায় জলসমাধি ল'লে । গতিকে তেঁও জীৱনচক্ৰত ঘূৰি জন্ম-মৃত্যু-জড়া-ব্যাধি ইত্যাদিতো ভুক্তভোগী। কিন্তু চাব লগা বিষয়টো হৈছে তেঁওৰ কৰ্ম ৰাজি।
আজি আপুনিও যদি সৎপথত থাকি, মানৱ আৰু প্ৰকৃতিৰ কল্যানৰ বাবে জীৱনৰ প্ৰতিটো পলক সুন্দৰ কৰি গঢ় দি লৈ যাব পাৰে অনাগত দিনত আপুনিও ভগৱানৰ শাৰীত নাম শোদিত কৰিবলৈ সক্ষম হ'ব । আজি আমি অৰণ্য মানৱ, প্ৰকৃতিৰ ৰক্ষক মাননীয় যাদৱ পায়েং'ক চিনি পাঁও । হয়তো বিশ্বৰ এনেকুৱা এখনো ঠাই নাই য'ত তেঁওৰ নাম নাযানে। অদূৰ ভৱিষ্যতে পায়েং ডাঙৰীয়াও " ইশ্বৰ" নামেৰে পূজিত হ'ব । গতিকে কৰ্মক নিজৰ ইষ্টদেৱৰ ৰূপ পূজি গ'লে দেশ তথা বিশ্বৰ কল্যান সাধন সম্ভৱ । 
লিখনিৰ ভূল-ক্ৰূতিত ক্ষমাপ্ৰাৰ্থী
শ্ৰী প্ৰতিভা টেৰণপী ।
গুৱাহাটী -২৫

12/01/2024

My guru Swami Vivekanand ji ki 12 January 161 Birth anniversary . Wish you all happy National youth day .

13/10/2023

Thanks a lot Cotton University V.C. Dr. Ramesh ch. Deka Sir and all management Authority to give me this great opportunity . 🙏

15/07/2023

সীমিত আসন বাবে সোনকালে যোগাযোগ কৰক। ধন্যবাদ ।

Photos from Prativa Yoga World's post 08/06/2023

Yesterday we visited at Garbhanga Village, lokhora And Parijat Academy branch School there . This is a residential School fully fees free . Last year when i visited this school, there were only 20 students but now it has increased 50 students . Students all belong from very poor janjati families . Headteacher Mr. Prakash Sharma is dedicated to his school . If someone wants to donate clothes , Charger light , food or any other school related goods ,please contact us . Our phone number is 7576811676. Thank you everyone . 🙏

03/06/2023

সন্মানীয় সতীৰ্থবৃন্দ,
অহা ৫ জুন ২৩' সোমবাৰ "বিশ্ব পৰিবেশ দিৱস"উপলক্ষে "প্ৰতিভা অন্বেষণ ছ'চাইটি,অসম"ৰ উদ্যোগত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা , প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ তথা ৰাইজৰ মনত প্ৰকৃতি প্ৰেম জাগৃত কৰাৰ অৰ্থে হঁহৰা গাঁও পঞ্চায়তৰ অন্ত:ৰ্গত কলংপাৰৰ পৰা বগীবাৰী নতুন মথাউৰি পথৰ দুকাষে (৫ কিলোমিটাৰলৈ) ফল-মূলৰ বৃক্ষৰোপন কৰিবলৈ আপোনালোকক সাদৰ আমন্ত্ৰন জনালো । সময় পুৱা ৭বজাত।
আশাকৰো সন্থাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই আমাৰ কমিটিৰ বিষয়ববীয়া তথা সমূহ সদস্যবৃন্দ সিদিনা আমাৰ সৈতে সহযোগ কৰি নিজ হাতে এটি গছপুলি ভৱিষ্যত প্ৰজন্মক এটি সুস্থিৰ পৰিবেশ দিয়াৰ বাবে ৰোপন কৰে তাৰ বাবে আগ্ৰহৰে আহ্বান জনালো । ধন্যবাদ ।

চৈতন্য বৰ্মন ।
সভাপতি
প্ৰতিভা টেৰণ । সা.সম্পাদিকা ।
প্ৰ.অ.ছ.(অসম)

Want your business to be the top-listed Gym/sports Facility in Delhi?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Delhi