Sports Development Association Assam-SDAA

Sports Development Association Assam-SDAA

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sports Development Association Assam-SDAA, Sports, Gauhati.

18/10/2023

অসমীয়া কৃষিজীৱী সমাজখনৰ বাপতিসাহোন 'কাতি বিহু'ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । সন্ধিয়া তুলসী মাতৃৰ শ্ৰীচৰণত প্রজ্বলিত হোৱা বন্তিৰ আলোকৰে কীট-পতংগ নাশ কৰি শস্য পথাৰলৈ সুস্থিৰতা অনাৰ দৰে সকলোৰে জীৱনলৈ অপায়-অমংগল দূৰ কৰি সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব।

03/10/2023

নতুন চিন্তা নতুন পৰিকল্পনা,সমাজ সেৱাৰ প্ৰতি উচৰ্গিত সামাজিক সেৱা ছছাইটি নামৰ সামাজিক শৈক্ষিক অনুষ্ঠানৰ আৰম্ভ। অসমবাসী ৰাইজৰ আন্তৰিক সহায় সহযোগিতা কামনা কৰিলোঁ।
আজি দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশিত বাতৰি। ধন্যবাদ বদৰুজ্জামান আখটাৰ ডাঙৰীয়া।

02/10/2023

মহামানৱ গান্ধীজীৰ জন্ম জয়ন্তীৰ এই শুভ ক্ষণত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷
তেওঁৰ মহান আদৰ্শই যেন আমাক সদায় পথপ্রদর্শন কৰে তাৰেই কামনা কৰি সকলোকে গান্ধী জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Photos from Sports Development Association Assam-SDAA's post 02/09/2023

আজি ফ্ৰেণ্ডছ গ্ৰুপ ছছাইটিৰ উদ্যোগত ৰাজ্যখনৰ অন্যতম শিক্ষামূলক স্বেচ্ছাসেৱী যুব ক্রীডা সংগঠন ষ্টডেণ্ট কেডেট কৰ্পছ (এছ চি চি) ৰ ৰাজ্যিক সমিতিৰ উদ্যোগত মৈৰাবাৰী নিউ হাইস্কুলত অনুষ্ঠিত হোৱা ড্ৰাগ বিৰোধী সজাগতা সভাত যুৱ বক্তা হিছাপে উপস্থিত থাকি নথৈ আনন্দিত হৈছো উক্ত সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী দ্ৰুবজ্যোতি নাথ, বিশিষ্ট সমাজ সেৱক আব্দুল গফুৰ, বিশিষ্ট সমাজ সেৱক ৰহম আলী, মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সমাজ সেৱক বদৰুজামান আখটাৰ আৰু অনান্য বিশিষ্ট ব্যক্তিসকল। এছ চি চি ৰ ৰাজ্যিক সভাপতি হিছাপে নেতৃত্ব প্ৰদান কৰা উক্ত সভাৰ সফল সমাপ্তিত সকলোৱে আনন্দিত হয়। ছছাইটিৰ শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে কিছু সঙ্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। মৰিগাঁও জিলাৰ জনপ্ৰিয় কণ্ঠশিল্পী চাজ্জা গীতৰ শৰাইৰে আজিৰ অনুষ্ঠানৰ সামৰণি পৰে। এছ চি চি ৰ ৰাজ্যিক সভাপতি হিছাপে মোৰ নেতৃত্বত ফ্ৰেণ্ডছ গ্ৰুপ ছছাইটিৰ সভাপতি বাবুল হুছেইন আৰু সাধাৰন সম্পাদক ইনামূল হকে নেতৃত্ব দি উক্ত কাৰ্যসচী সফলমণ্ডিত কৰাত সকলোৱে শলাগ লয়। উক্ত সজাগতা সভাত স্থানীয় বিভিন্ন মহাবিদ্যালয়,বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।


Photos from Sports Development Association Assam-SDAA's post 23/08/2023

চন্দ্ৰৰ বুকুত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ । চন্দ্ৰৰ দক্ষিণ মেৰুত চফ্ট লেণ্ডিং কৰিবলৈ সক্ষম হোৱা প্ৰথম দেশ হিচাপে ইতিহাস ৰচিলে ভাৰতে ।

‘চন্দ্ৰযান-৩’ৰ এই অভিযানৰ সৈতে জড়িত ইছৰোৰ প্ৰতিগৰাকী মহান বিজ্ঞানীৰ লগতে এই অভিযানৰ সৈতে জড়িত হৈ অসমবাসীক গৌৰাম্বিত কৰা তিনিও গৰাকী অসম সন্তানলৈও শুভেচ্ছা জনাইছোঁ ।


15/08/2023
13/08/2023

Welcome to Sports Development Association Assam-SDAA

Want your business to be the top-listed Gym/sports Facility in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Gauhati