01/11/2025
অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসম এথলেটিকছ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো। লগতে জুবিন গোহাঁইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
Himanta Biswa Sarma Jayanta Mallabaruah Gitartha Goswami fans
29/10/2025
বাহৰেইনত সদ্যসমাপ্ত তৃতীয় এছিয়ান য়ুথ গেমছত ব্ৰঞ্জৰ পদক বিজয়ী অসম সন্তান, প্ৰতিভাৱান হাইজাম্পাৰ জুবিন গোহাঁই আজি অসমত উপস্থিত হোৱাৰ পিছতে অসম এথলেটিকছ সন্থাৰ তৰফৰ পৰা জুবিনক বিপুল আদৰণি জনোৱা হয়।লগতে অসম এথলেটিকছ সন্থাৰ তৰফৰ পৰা সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী গীতাৰ্থ গোস্বামী ডাঙৰীয়াৰ হাতেৰে জুবিন গোহাঁইক সম্বৰ্ধনা আগবঢ়োৱাৰ লগতে খেলুৱৈজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ।
Himanta Biswa Sarma Jayanta Mallabaruah Gitartha Goswami Hima Das Ritu Baran Sarmah Ashok Bharali
24/10/2025
বাইৰেইনত অসম সন্তানৰ সফলতাৰ জাম্প....
অসমৰ লগতে সম্প্ৰতি দেশৰ জুনিয়ৰ পৰ্যায়ৰ প্ৰতিভাৱান হাইজাম্পাৰ জুবিন গোহাঁইয়ে তৃতীয় এছিয়ান য়ুথ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলেটিকছ দলক প্ৰতিনিধিত্ব কৰা জুবিন গোহাঁই হাইজাম্পত ২.০৩মিটাৰ জপিয়াই সফলতা অৰ্জন কৰে। বাহৰেইনৰ ৰাজধানী চহৰ মানামাত চলি আছে প্ৰতিযোগিতাখন।জুবিনৰ কেৰিয়াৰৰ এইটো প্ৰথম আন্তৰ্জাতিক সফলতা।জুবিনৰ এই সফলতাত অসম এথলেটিকছ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।
Himanta Biswa Sarma Jayanta Mallabaruah Gitartha Goswami Athletics Federation of India Ritu Baran Sarmah JSW Sports
24/10/2025
বাহৰেইনত জলি উঠক জুবিন।অসম এথলেটিকছ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা তোমালৈ থাকিল বহুত শুভকামনা।
Himanta Biswa Sarma Jayanta Mallabaruah Gitartha Goswami Athletics Federation of India JSW Sports Ritu Baran Sarmah Ashok Bharali
21/10/2025
ভাল খবৰ....
ভাৰতৰ ২৪জনীয়া এথলীট দলৰ সৈতে বাহৰেনেলৈ ৰাওনা অসমৰ প্ৰতিভাসম্পন্ন হাইজাম্পাৰ জুবিন গোহাঁই।বাহৰেইনত অনুষ্ঠিত হ'ব তৃতীয় এছিয়ান য়ুথ গেমছ ।
Himanta Biswa Sarma Jayanta Mallabaruah Gitartha Goswami Athletics Federation of India Ritu Baran Sarmah JSW Sports Ashok Bharali
20/10/2025
অসমৰ সম্পদ,হিয়াৰ আমঠু,যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন এইবাৰ পোহৰৰ উৎসৱ দিপাৱলী। 'হামিং কিং'জুবিন গাৰ্গলৈ প্ৰথমে অসম এথলেটিকছ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। লগতে দেশবাসীলৈ পোহৰৰ উৎসৱ দিপাৱলীৰ শুভেচ্ছা জনালো।
Himanta Biswa Sarma Jayanta Mallabaruah Gitartha Goswami Athletics Federation of India
14/10/2025
ভূৱনেশ্বৰৰ উৰিষ্যাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ৪০সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাৰ শেষৰ দিনটোৰ পিছতেই অসমৰ মৃদুল হুছেইনে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ১৬বছৰ অনুৰ্ধ্ব শাখাৰ লং জাম্পত ৪.৭৫মিটাৰ জপিয়াই ব্ৰঞ্জৰ পদক আজুৰি আনিলে মৃদুলে। খেলুৱৈ গৰাকীৰ সফলতাৰ পিছতেই অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱা , সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীৰ লগতে অসম এথলেটিকছ সন্থাৰ পৰিয়ালবৰ্গই অভিনন্দন জ্ঞাপন কৰিছে।
Himanta Biswa Sarma Gitartha Goswami Assam Athletics Association Athletics Federation of India
14/10/2025
অসমৰ জুবিনলৈ সোণ....
ভূৱনেশ্বৰৰ উৰিষ্যাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ৪০সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত লৰাৰ ১৮বছৰ অনুৰ্ধ্ব শাখাৰ হাইজাম্প ইভেন্টত অসমৰ জুবিন গোহাঁই সোণৰ পদক অৰ্জন কৰে।উক্ত শাখাত হাইজাম্পত জুবিনে ২.০১মিটাৰ জপিয়াই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে পদক জয়েৰে সফলতা আজুৰি আনে। সম্প্ৰতি এথলীটজনে দেশৰ আগশাৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠান জে এছ ডব্লিউ অধীনস্থ কৰ্ণাটক বিজয় নগৰৰ ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছ চমুকৈ আই আই এছত প্ৰশিক্ষন গ্ৰহন কৰি আছে। খেলুৱৈ গৰাকীৰ সফলতাৰ পিছতেই অসম এথলেটিকছ সন্থাৰ সভাপতি শ্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, সাধাৰণ সম্পাদক শ্ৰী গীতাৰ্থ গোস্বামী ডাঙৰীয়াৰ লগতে অসম এথলেটিকছ সন্থাৰ পৰিয়ালবৰ্গই অভিনন্দন জ্ঞাপন কৰিছে।
Himanta Biswa Sarma Jayanta Mallabaruah Gitartha Goswami Athletics Federation of India JSW Sports
13/10/2025
ভূৱনেশ্বৰত দ্বিতীয়টো পদক অসমৰ....
ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ৪০সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ ফিৰডোচ আলমে ৰূপৰ পদক অৰ্জন কৰে। ১৮বছৰ অনুৰ্ধ্ব লৰাৰ শাখাৰ ৫০০০মিটাৰ ৰেছ ৱাক ইভেন্টত পদক অৰ্জন কৰা এথলীটজনলৈ অসম এথলেটিকছ সন্থাৰ সভাপতি শ্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামী ডাঙৰীয়াৰ লগতে অসম এথলেটিকছ সন্থাৰ পৰিয়ালবৰ্গই অভিনন্দন জ্ঞাপন কৰিছে।
Himanta Biswa Sarma Gitartha Goswami Jayanta Mallabaruah Athletics Federation of India fans